জানোঁ আহক,চুলিৰ উফিৰ সমস্যা দূৰ কৰাৰ দুটামান সমাধান
ডিজিটেল ডেস্কঃ চালৰ যত্নৰ সমান্তৰালকৈ চুলিৰ যত্নৰো সমানে প্ৰয়োজন। চুলিৰ কম যত্নই চুলি কমজুৰি কৰি তোলে। চুলি সদায় সুন্দৰ কৰি ৰাখিবলৈ হ’লে পুষ্টিকৰ খাদ্য খোৱাৰো যথেষ্ট প্ৰয়োজন। কিয়নো আমি যিকোনো খাদ্য খোৱাৰ পিছতে সেই খাদ্যৰ প্ৰভাৱ পোনপ্ৰথমে স্বাস্থ্য আৰু চুলিতে পৰে। দীঘল, ঘন আৰু সুন্দৰ চুলিৰ গৰাকী হ’বলৈ সকলোৱে বিচাৰে। এটা কথা লক্ষণীয় যে ,আপোনাৰ সুস্বাস্থ্যৰ বাবে যিমান পুষ্টিকৰ খাদ্যৰ দৰকাৰ হয় সিমানে পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয় চুলিৰ যত্নতো। শীতকালৰ সময়চোৱাত চুলিৰ অধিক সমস্যাই দেখা দিয়ে।তাৰ ভিতৰতে উফিৰ সমস্যা অন্যতম। শীতকালত যদি চুলিৰ যত্ন ভালকৈ নলয় তেনেহ’লে চুলিত উফিৰ সমস্যা, চুলি সৰা, আদি বিভিন্ন ধৰণৰ চুলিৰ সমস্যাই দেখা দিয়ে । চুলিৰ এনে সমস্যাৰ বাবে বহু লোকে বজাৰৰ নামি – দামী ব্ৰেণ্ডৰ চেম্পু আৰু ভিন্ন ধৰণৰ হেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰে যদিও কেতিয়াবা সুফল পোৱা দেখা নাযায় ।কাৰণ, এই দামী চেম্পু আৰু প্ৰডাক্টে কেৱল চুলিখিনিক ওপৰৰ পৰা হে পুষ্টি দিয়ে কিন্তু আচল পুষ্টি চুলিত ভিতৰৰ পৰা হে প্ৰয়োজন হয় ।
জানোঁ আহক , চুলিৰ উফি সমস্যা দূৰ কৰাৰ তিনিটামান সাধাৰণ টিপচ:-
১) নাৰিকল তেল:সকলোৰে ঘৰতে সহজলভ্য নাৰিকল তেল। নাৰিকল তেল চুলিৰ বাবে যথেষ্ঠ উপকাৰী লগতে উফি দূৰ কৰাত সহায় কৰে।চুলিত চেম্পু ব্যৱহাৰ কৰাৰ আগত ৩/৪মিনিট সময় চুলিখিনিৰ গুৰিত ভালদৰে নাৰিকল তেলেৰে মাচাজ কৰিব লাগে।
২)নেমু ৰস:নেমুৰ বহুখিনি উপকাৰী গুণ আছে। তাৰ ভিতৰতে চুলিৰ উফি দূৰ কৰাতো বিশেষ ভূমিকা আছে। দুই চামুচ নেমুৰ ৰস লৈ মূৰৰ তালুত ভালদৰে ঘঁহি ইয়াৰ পিছত পানীৰে চুলিখিনি ধুই দিব লাগে। তাৰ পিছত এচামুচ নেমু ৰস একাপ পানীত মিহলাই সেই পানীৰে মূৰ ধূব লাগে। উপকৰণটো প্ৰতিদিনে ব্যৱহাৰ কৰিব পাৰিলে উফি সহজে নাইকীয়া হয়।
৩) অলিভ অইল : অলিভ অইল শীতকালত প্ৰায়ে সকলোৱে ব্যৱহাৰ কৰে। অলিভ অইল গোটেই ৰাতি চুলিত সানি থৈ পিছদিনা চেম্পুৰে ধুব লাগে। এনে কৰিলে উফি সমস্যা দূৰ হয়।