Daily Time Axom

উলংগ ভিডিঅ’ বনাই বিক্ৰী, স্বামীৰ বিৰুদ্ধে অভিযোগ ৰাখীৰ

0 60

কিছুদিন পূৰ্বে বলীউডৰ অভিনেত্ৰী তথা আইটেম গাৰ্ল ৰাখী সাৱন্তৰ বিষয়ে আলোচনা হৈছিল।

পুনৰ বিবাহৰ খবৰ ৰাজহুৱা কৰি তেওঁ বিভিন্ন বৈবাহিক বিবাদত লিপ্ত হয়। ইয়াৰ পূৰ্বে ৰাখীয়ে স্বামী আদিল খানৰ বিৰুদ্ধে মাৰপিট, বিকৃত যৌন সম্পৰ্ক, চুৰিৰ অভিযোগ উত্থাপন কৰিছিল। এইবাৰ দ্বিতীয় স্বামীৰ বিৰুদ্ধে অভিযোগ যে তেওঁৰ এটা ‘নগ্ন ভিডিঅ’ শ্বুট কৰি অধিক মূল্যত বিক্ৰী কৰিছে।

এক সাক্ষাৎকাৰত ৰাখীয়ে কয়, ‘আদিলে মোৰ নগ্ন ভিডিঅ’ শ্বুট কৰি বিক্ৰী কৰিছে। চাইবাৰ অপৰাধত এজাহাৰ দাখিল কৰিছো।’

ৰাখীয়ে আদালতৰ চৌহদতো ক’লে, ‘মই এটা জীৱন্ত মৃতদেহ। আদিল জেলত থকাত মই একেবাৰেই সুখী নহয়। কিহৰ বাবে সুখী হ’ব লাগে? পৰিয়াল এটা পাবলৈ বিয়া হৈছিলো, মা হ’ব বিচাৰিছিলো। কিন্তু আঠ মাহ ধৰি যি সহ্য কৰিলোঁ, সেয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।’


আদিলে তনু চাণ্ডেল নামৰ এজন ব্যক্তিৰ সৈতে ব্যভিচাৰ কৰিছিল বুলি ৰাখীয়ে অভিযোগ কৰে ।

ৰাখীয়ে যোৱা ৬ ফেব্ৰুৱাৰীত আদিলৰ নামত থানাত এজাহাৰ দাখিল কৰিছিল। যোৱা মঙলবাৰে আদিলক একাধিক অভিযোগত গ্ৰেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে। বুধবাৰে আদালতত হাজিৰ হোৱাৰ সময়ত আদিলক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.