Daily Time Axom

ধেমাজিৰ চিচিবৰগাঁৱত পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত সোমাল যাত্ৰীবাহী বাছ

29

নিউজ ডেস্ক, ১১ ফেব্ৰুৱাৰীঃ ধেমাজিৰ চিচিবৰগাঁও চাৰিআলিত সংঘটিত হয় এক পথ দুৰ্ঘটনা। বিশ্বনাথ চাৰিআলিৰ পৰা চিমেন চাপৰিত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশনলৈ যাত্ৰী কঢ়িয়াই অনা AS-12-AC-2463 নম্বৰৰ যাত্ৰীবাহী বাছখন চিচিবৰগাঁও চাৰিআলিৰ কেঁকুৰীত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

বাছখনে প্ৰথমে পথৰ দাঁতিত থকা গাৰ্ড প’ষ্ট ভাঙি কাষত থকা নৰ্দমাত সোমাই ৰৈ যায়। বাছখনত পুৰুষ–মহিলাকে ধৰি ৪০ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

কেইগৰাকীমান যাত্ৰীৰ সামান্য আঘাতৰ বাহিৰে সৌভাগ্যক্ৰমে কোনো লোক হতাহত নহ’ল।

Comments are closed, but trackbacks and pingbacks are open.