Daily Time Axom

তুৰস্কত সংঘটিত ভয়ংকৰ ভূমিকম্পত মৃত্যু এজন ভাৰতীয় ব্যৱসায়ী

0 25

এখন হোটেলৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হৈছে এজন ভাৰতীয় ব্যৱসায়ীৰ মৃতদেহ।

তুৰস্কৰ দক্ষিণ প্ৰান্তত থকা এখন হোটেলৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হৈছে ভাৰতীয় নাগৰিক বিজয় কুমাৰৰ মৃতদেহ। ৬ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল। এই খবৰ তুৰস্কত থকা ভাৰতীয় দূতাবাসৰ পৰা নিশ্চিত হৈছে।
উত্তৰাখণ্ডৰ বাসিন্দাগৰাকীয়ে ব্যৱসায়ৰ বাবে তুৰস্কলৈ গৈছিল। বিজয় কুমাৰৰ নিৰুদ্দেশৰ খবৰ পূৰ্বেও প্ৰকাশ পাইছিল। ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও ব্যৱসায়ীজনৰ পৰিয়ালৰ সৈতে যোগাযোগত আছিল। অৱশেষত শনিবাৰে বিজয় কুমাৰৰ মৃতদেহ উদ্ধাৰ হয়। তেওঁৰ মৃতদেহ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে।
প্ৰসংগক্ৰমে যোৱা সোমবাৰে তুৰস্ক আৰু ছিৰিয়াত ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছিল। কম্পন একাধিকবাৰ অনুভৱ হয়। ইতিমধ্যে মৃত্যুৰ সংখ্যা ২৫ হাজাৰ অতিক্ৰম কৰিছে। কমেও ৩২ হাজাৰ লোক উদ্ধাৰ কামত নিয়োজিত হৈ আছে।

Leave A Reply

Your email address will not be published.