Daily Time Axom

স্বাস্থ্য বিভাগৰ পৰীক্ষা দিবলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত প্ৰাণ গ’ল ছানোৱাৰ হুছেইনৰ

33

নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰীঃ নিযুক্তি পৰীক্ষা দিবলৈ গৈ দুৰ্ঘটনাত পতিত যুৱক৷ তেজপুৰত পৰীক্ষা দিবলৈ গৈছিল ছানোৱাৰ হুছেইন৷ পৰীক্ষা দিবলৈ যোৱাৰ পথতেই দৰং জিলাৰ দলগাঁৱত সংঘটিত হয় দুৰ্ঘটনাটো৷ ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় বাইক আৰোহী ছানোৱাৰ হুছেইন৷ নিহত ছানোৱাৰ হুছেইনৰ ঘৰ খাৰুপেটীয়াৰ বৰঙাবাৰীত৷

জানিব পৰা মতে খাৰুপেটীয়াৰ পৰা WB 65C 5472 নম্বৰৰ ট্ৰাক এখন তেজপুৰ অভিমূখে গৈ থকা অৱস্থাত একেই দিশৰ পৰা আহি থকা As 13 L 4127 নম্বৰৰ পালছাৰ বাইক খনে অভাৰটেক কৰাৰ ফলতে এই পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷

উল্লেখযোগ্য যে, ছাত্ৰ জনে পুৱাই অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰীক্ষা দিয়াৰ উদ্দেশ্যে তেজপুৰলৈ ওলাই গৈছিল। কিন্তু পথতে অকাল মৃত্যুক আঁকোৱালি ল’লে ছাত্ৰজনে ।

Comments are closed, but trackbacks and pingbacks are open.