Daily Time Axom

২০২৩-২৪ বৰ্ষৰ বাবে শ্রীমন্ত শংকৰদেৱ সংঘৰ নতুন সমিতি গঠন

70

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰীঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰৱৰ্তী প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া। দেওবাৰে অনুষ্ঠিত সংঘৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

আনহাতে, ২০২৩-২৪ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ-পদাধিকাৰ হিচাপে লক্ষীমপুৰ জিলা শাখাৰ চক্ৰধৰ সোনোৱাল নিৰ্বাচিত হৈছে ৷

যুটীয়া সম্পাদক হিচাপে গোলাঘাট জিলা শাখাৰ দেৱাঞ্জন বৰা আৰু সংঘৰ অহা দুটা বৰ্ষৰ বাবে ইতিমধ্যে ৰঙীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভৱেন্দ্ৰ নাথ ডেকা বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ৷

Comments are closed, but trackbacks and pingbacks are open.