Daily Time Axom

অসমৰ বাবে ভাল খবৰঃ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত MBBS পাঠ্যক্ৰমৰ বাবে ১০০ খন আসনৰ অনুমোদন জনালে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে

34

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰীঃ অসমত বৃদ্ধি হ’ল চিকিৎসা মহাবিদ্যালয়ত আসনৰ সংখ্যা৷ পূৰ্বৰ ১২০০ৰ পৰিৱৰ্তে এতিয়া নতুনকৈ বৃদ্ধি পালে আৰু ১০০খন আসন৷ অৰ্থাৎ অসমত সৰ্বমুঠ আসনৰ সংখ্যা হ’ল ১৩০০৷

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অনুমোদন জনালে এই ১০০ আসনৰ বাবে ৷ বৃদ্ধি পোৱা আসন কেইখন হ’ব কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত।

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত এশখন আসনৰ অনুমোদনৰ বিষয়টোৱে স্বাভাৱিকতে উৎফুল্লিত কৰিব সকলোকে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগক ধন্যবাদ জনায়৷

Comments are closed, but trackbacks and pingbacks are open.