কৰাচীত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছে ৩ আৰক্ষীসহ এগৰাকী সাধাৰণ নাগৰিক
নিউজ ডেস্ক, ১৮ অক্টোবৰঃ কৰাচীত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত ৫ সন্ত্ৰাসবাদী নিহত। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছে ৩ আৰক্ষীসহ এগৰাকী সাধাৰণ নাগৰিক। সন্ত্ৰাসবাদীৰ গুলীচালনাত আহত হৈছে ১৭ জন ব্যক্তি। কৰাচীৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰিছিল তেহৰিক-ঈ-তালিবানে।
স্থানীয় সংবাদ মাধ্যমৰ মতে, উগ্ৰপন্থীসকলে কৰাচী আৰক্ষী প্ৰধানৰ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ আগতে হেণ্ড গ্ৰেনেড নিক্ষেপ কৰে আৰু তাৰ পিছত গুলীচালনা কৰে। আক্ৰমণকাৰীসকলক ঘেৰি ধৰিবলৈ জিলা আৰু অঞ্চলটোৰ সকলো মোবাইল ভান লগে লগে ঘটনাস্থলীলৈ মাতি অনা হৈছিল। সিন্ধৰ মুখ্যমন্ত্ৰী মুৰাদ আলী শ্বাহে কৈছে যে আক্ৰমণটো কোনো পৰিস্থিতিত সহ্য কৰা নহ’ব। এই আক্ৰমণত জড়িত সকলক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
Comments are closed, but trackbacks and pingbacks are open.