Daily Time Axom

পৰকীয়া প্রেমৰ ভয়ংকৰ ভয়ংকৰ পৰিণতি! স্বামী-শাহুৰ মৃতদেহ কাটি ভৰাই থলে ফ্রীজত

76

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ নুনমাটিত নৃশংস হত্যাকাণ্ড! শাহু আৰু স্বামীক হত্যা বোৱাৰীৰ। পৰকীয়া প্ৰেমৰ বাবে সংঘটিত এই হত্যাকাণ্ড। স্বামী অমৰজ্যোতি দে, শাহুৱেক শংকৰী দেক হত্যা। শাহু, স্বামীৰ মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি পেলাই দিছিল মেঘালয়ত। ইতিমধ্যে হত্যাকাৰী বন্দনা কলিতাক গ্ৰেপ্তাৰ আৰক্ষীৰ।

বন্দনা কলিতা ওৰফে বন্দনা দে নামৰ মহিলা গৰাকীয়ে নিজ প্ৰেমিকৰ সৈতে মিলি হত্যা কৰে স্বামী আৰু শাহুয়েকক। ঘটনাৰ বিৱৰণ অনুসৰি স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক নৃশংসভাৱে হত্যা কৰি মৃতদেহ দুটা খণ্ড বিখণ্ড কৰি ফ্ৰীজত ভৰাই ৰাখিছিল তিনিদিনলৈ । তাৰ পাছত মেঘালয়ৰ ডাউকি অঞ্চলত পেলাই দিছিল নিশাৰ অন্ধকাৰৰ সুযোগ লৈ ।

উল্লেখ্য যে, ২০২২ চনৰ আগষ্ট মাহৰ পৰাই নিৰুদ্দেশ হৈ আছিল স্বামী আৰু শাহু । ওচৰ চুবুৰীয়াৰ ভাষ্য অনুসৰি, ১৭ আগষ্টতেই শেষ বাৰলৈ প্ৰত্যক্ষ কৰিছিল অমৰজ্যোতি দে’ক ।

ইতিমধ্যে মৃতদেহ বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। ডাউকীৰ দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ শংকৰী দে’ৰ শৰীৰৰ কিছু অংশ। বৰ্তমানো উদ্ধাৰ হোৱা নাই এখন হাত, ছিন্ন মুণ্ড।

Comments are closed, but trackbacks and pingbacks are open.