Daily Time Axom

‘মোৰ ছোৱালী হ’লেও কথা নাই, গুলীয়াই মাৰক’ হত্যাকাৰী বন্দনাক গুলীয়াই মাৰিবলৈ আহ্বান পিতৃৰ

90

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত অব্যাহত আছে । তিনি হত্যাকাৰী বন্দনা কলিতা, ধনজিৎ ডেকা আৰু অৰূপ দাসক লৈ মেঘালয়ত আৰক্ষীয়ে চলাইছে অভিযান। ইতিমধ্যে আৰক্ষীয়ে বন্দনা কলিতাৰ শাহুৱেক শংকৰী দে’ৰ ক্ষত–বিক্ষত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। চেৰাপুঞ্জীৰ সমীপৰ পৰা উদ্ধাৰ কৰিছে শংকৰী দে’ৰ মৃতদেহ। শংকৰী দেৰ মুণ্ড আৰু দুয়োখন হাত উদ্ধাৰ কৰিব পৰা নাই।

ইফালে, নিজ কন্যাই সংঘটিত কৰা এই ভয়ংকৰ কাণ্ডৰ বিষয়ে অৱগত নাছিল বন্দনা কলিতাৰ পিতৃ। যদিহে তেওঁৰ জীয়ৰী দোষী হয় তেন্তে গুলীয়াই মৰাৰ আহ্বান পিতৃৰ।

Comments are closed, but trackbacks and pingbacks are open.