সঠিক ভাৱে আঁচনি ৰূপায়ন নোহোৱাৰ অভিযোগ সাধাৰণ শ্ৰেণী ৰাইজৰ, আঁচনিত নাম অন্তভুক্তিৰ বাবে পঞ্চায়ত প্ৰতিনিধিয়ে ধন বিচৰাৰ অভিযোগ।
দুৰ্নীতি আৰু দুৰ্নীতি । কেৱল মাত্ৰ লুণ্ঠনৰাজ পুঁজিপতি শ্ৰেণীৰ । শিৱসাগৰৰ সীমান্তৱৰ্তী ন-পাম বাৰুৱতী গাঁ ও পঞ্চায়তত অৰুণোদয় আৰু প্ৰধানমন্ত্ৰী ইন্দ্ৰিৰা গান্ধী আবাস যোজনা আঁচনিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উঠিছে । যাৰ বাবে অহসায় আৰু সাধাৰণ শ্ৰেণীৰ কিছুমান লোকে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ বাবে ক্ষোভিত হৈ ন-পাম বাৰুৱতী গাঁ ও পঞ্চায়তত অৰুণোদয় আৰু প্ৰধানমন্ত্ৰী ইন্দ্ৰিৰা গান্ধী আবাস যোজনা আঁচনিত সাধাৰণ শ্ৰেণীৰ পৰিৱৰ্তে মধ্যবিত্ত শ্ৰেণীৰ লোক সকলক এই আঁচনিত সাঁঙুৰি লোৱাৰ পৰিপেক্ষিতত গাওঁ পঞ্চায়তৰ প্ৰতিনিধি সকলৰ ওপৰত ৰাইজ উত্তেজিত হৈ পৰা দেখা গৈছে । আঁচনিত নিজৰ নাম অন্তভুক্তিৰ বাবে পঞ্চায়ত প্ৰতিনিধিয়ে আবেদনকাৰীৰ পৰা ধন বিচৰাৰ অভিযোগ উঠিছে । সঠিক নীতি অৱলম্বন নকৰা হেতুকে এই গাওঁ পঞ্চায়তটোত এনে ধৰণৰ অৰাজগতাৰ সৃষ্টি হোৱাৰ দাবী কৰিছে স্থানীয় ৰাইজে । শিৱসাগৰ জিলা উপায়ুক্ত তথা ৰাজ্য চৰকাৰে এনে ধৰণৰ অনিয়মৰ বিৰুদ্ধে অনাগত সময়ত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব । সেয়া ৰাইজ আৰু সচেতন মহলৰ বাবে লক্ষ্যণীয় হ’ব ।