Daily Time Axom

ৰৌতাৰ এনকাউণ্টাৰত কেনাৰাম নহয় আন এজনকহে হত্যা আৰক্ষীৰ

41

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ ওদালগুৰিৰ এনকাউণ্টাৰৰ নতুন মোৰ। কেনাৰাম বড়োৰ পৰিৱৰ্তে আৰক্ষীৰ এনকাউন্টাৰত নিহত ডিম্বেশ্বৰ মুছাহাৰী। আৰক্ষীয়ে ডিম্বেশ্বৰ মুছাহাৰীক ডকাইত কেনাৰাম বড়ো বুলি প্ৰচাৰ কৰাৰ অভিযোগ। আৰক্ষীৰ এনকাউণ্টাৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিব ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালবৰ্গ। আনহাতে, দুয়োটা পৰিয়ালে পৃথকে পৃথকে দাবী নিজৰ স্বামী বুলি।

উল্লেখ্য যে এনকাউণ্টাৰত কেনাৰাম বড়ো নামৰ এজন দুৰ্ধৰ্ষ ডকাইত নিহত হোৱা বুলি দাবী কৰিছিল আৰক্ষীয়ে। এই ঘটনাৰ এদিন পিছতে এতিয়া বিস্ফোৰক তথ্য পোহৰলৈ আহিছে যে আৰক্ষীৰ গুলীত কেনাৰাম বড়ো নহয় আন এজন নিৰীহ লোকৰহে মৃত্যু হৈছিল। আৰক্ষীয়ে কেনাৰাম বড়ো বুলি দাবী কৰাৰ বিপৰীতে মৃত লোকজনক ডিম্বেশ্বৰ মুছাহাৰী বুলিহে দাবী কৰিছে একাংশ লোকে।

Comments are closed, but trackbacks and pingbacks are open.