নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ মেঘালয়ত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত প’লিং বিষয়া ছেচান চন্দ্ৰ মাৰাক। আহত হৈছে ২জন BSFৰ জোৱান আৰু এগৰাকী গৃহৰক্ষী জোৱানো। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় মহিন্দ্ৰা পিকআপ ভানখন। টিক্ৰিকিল্লাৰ জাংৰাপাৰা ভোটকেন্দ্ৰলৈ গৈ আছিল দলটো।
মাৰাক তুৰাৰ বাসিন্দা আৰু গাম্বেগ্ৰে ব্লকত এমজিএনৰেগাৰ কাৰিকৰী সহায়ক আছিল আৰু জাংৰাপাৰা ভোটগ্ৰহণ কেন্দ্ৰত পুলিং বিষয়া হিচাপে নিয়োজিত হৈছিল।
খবৰ অনুসৰি গাড়ীখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে। এই ঘটনাৰ পিছতে ঘটনাস্থলৰ পৰা পলায়ন কৰে চালকজনে।
Comments are closed, but trackbacks and pingbacks are open.