কৰ্তব্যৰত অৱস্থাত গড়ৰ আক্ৰমণত নিহত কাজিৰঙাৰ এজন বনকৰ্মী
ডিজিটেল ডেস্ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংঘটিত হৈছে এটা দুখজনক ঘটনা।গড়ৰ আক্ৰমণৰ বলি হৈ মৃত্যুমুখত পৰিল এজন বনকৰ্মী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ পহু বিল বন শিবিৰৰ অধীনত আন দুগৰাকী বনকৰ্মীৰ সৈতে নিয়মীয়া তহল দি থকা অৱস্থাতে মাক পোৱালী একেলগে থকা গঁড়ৰ সন্মুখীন হয় বন কৰ্মী কেইজন। ইয়াৰ পিছতে লগে লগে গঁড়জনীয়ে সন্মুখত থকা তিপু চাহুক আক্ৰমণ কৰাৰ ফলত থিতাতে নিহত হয় বনকৰ্মী গৰাকী ।উল্লেখ্য যে তিপু চাহুৰ লগত থকা আন দুগৰাকী বন কৰ্মীয়ে কথমপিহে নিজৰ প্ৰাণৰক্ষা কৰে বুলি জানিব পৰা গৈছে।