Daily Time Axom

শাৰীৰিক পৰীক্ষাৰ বাবে GMCHলৈ অনা হৈছে বন্দনা কলিতাসহ অৰূপ ডেকা, ধনটি কলিতাক

59

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ ডাবল মাৰ্ডাৰ কাণ্ডৰ তদন্ত অব্যাহত আছে। আজি পুৱাই এই ঘটনাৰ খলনায়িকা বন্দনা কলিতাক পাণবজাৰ থানাৰ পৰা লৈ অহা হৈছে GMCHলৈ।

লগতে অনা হৈছে দুই সহযোগী অৰূপ দাস আৰু ধনটি ডেকাকো। জানিব পৰা মতে, তদন্তৰ খাটিৰত তিনিওৰে DNA ছেম্পল লোৱা হ’ব।

উল্লেখযোগ্য যে এই ঘটনাৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে যদিও এতিয়াও উদ্ধাৰ হোৱা নাই শংকৰী দে আৰু অমৰজ্যোতি দে’ৰ দেহৰ অংশ।

শংকৰী দে’ৰ মুণ্ডহীন দেহ উদ্ধাৰ হোৱাৰ বিপৰীতে অমৰজ্যোতিৰ দেহৰ সামান্য অংশহে উদ্ধাৰ হৈছিল আৰক্ষীৰ অভিযানত। ইফালে, সোমবাৰে তিনিও অভিযুক্তক পুনৰ চাৰিদিনৰ জিম্মাত লয় আৰক্ষীয়ে।

Comments are closed, but trackbacks and pingbacks are open.