Daily Time Axom

বিজনীত সাংবাদিকৰ বিৰুদ্ধে পৰিবেশন কৰা বাতৰিৰ প্ৰতিক্ৰিয়া

0 32

মানসিক বাধাগ্ৰস্ত লোকৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি বাতৰি পৰিবেশন কৰা কাৰ্যৰ অসন্তুষ্টি প্ৰকাশ পৰিয়ালৰ লোকৰ।

পৰ্টেল সংবাদ মাধ্যমত প্ৰকাশিত এটা বাতৰিক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চিৰাং জিলাৰ বিজনীত।অসমৰ এটা আগশাৰীৰ বৈদ্যুতিন সংবাদ মাধ্যমৰ বড়ো সংস্কৰণত বিজনী আৰু মাণিকপুৰৰ দুই সংবাদিকৰ বিৰুদ্ধে কৰা বাতৰিক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ।চিৰাং জিলাৰ ডাঙাইগাঁও নিবাসী আব্দুল ৰহিম নামৰ এগৰাকী মানসিক বাধাগ্ৰস্তৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি বাতৰি পৰিবেশন কৰিছিল পৰ্টেলটোৱে।কোন সুস্থ কোন মানসিক বাধাগ্ৰস্ত এগৰাকী সাংবাদিকে বিবেচনা কৰিব নোৱাৰাটো দুৰ্ভাগ্যৰ বিষয় বুলি প্ৰশ্ন উত্থাপন কৰি এগৰাকী মানসিক বাধাগ্ৰস্ত লোকৰ মন্তব্যৰ ওপৰত ভিত্তিহীন বাতৰি পৰিবেশন কৰা কাৰ্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ পৰিয়ালৰ লোকৰ।

Leave A Reply

Your email address will not be published.