Daily Time Axom

সৰুপথাৰ শাখা সাহিত্য সভাৰ মুখপত্ৰ” উন্মীলন” উন্মোচন

0 13

ডিজিটেল ডেস্ক:সৰুপথাৰ শাখা সাহিত্য সভা কাৰ্যালয়ৰ মাংগীলাল বাগৰীয়া স্মৃতি ভৱন প্ৰাংগনত শাখা সাহিত্য সভাৰ মুখপত্ৰ উন্মোচনৰ উদ্দেশ্য এক সভা অনুষ্ঠিত হয়।সভাত সভাপতিত্ব কৰে শাখাৰ সভাপতি সূৰ্য গগৈয়ে।সৰুপথাৰ শাখা সাহিত্য সভাৰ সম্পাদিকা নবমী চুতীয়াই আঁত ধৰা সভাত ধনশিৰী মহকুমাৰ বিশিষ্ট ভাস্কৰ্য শিল্পী ৰেংমাই গাঁৱৰ বাসিন্দা কুল চুতীয়াৰ পৃষ্ঠপোষকতাত তেখেতে পিতৃ মাতৃৰ সোঁৱৰনত উৎসৰ্গিত সৰুপথাৰ শাখা সাহিত্য সভাৰ মুখপত্ৰ “উন্মীলন” নৱম বৰ্ষৰ প্ৰথম সংখ্যা আনুষ্ঠানিক ভাৱে উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক থানেশ্বৰ গগৈয়ে। অনুষ্ঠানত শিক্ষাবিদ সিদ্ধেশ্বৰ শইকীয়া,সাহিত্যিক ধৰ্মেশ্বৰ দুৱৰা, সাংস্কৃতিক কৰ্মী নয়নমণি ৰাজখোৱা, প্ৰবক্তা ববিতা দত্ত, অৱসৰপ্ৰাপ্ত শিক্ষক ভবানন্দ পাটোৱাৰীসহ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে অসম চৰকাৰে অলপতে প্ৰদান কৰা লিখক সম্বৰ্ধনা বঁটা প্ৰাপক শাখা সাহিত্য সভাৰ সক্ৰিয় সদস্য তথা টেঙাহোলাৰ বাসিন্দা স্পনানী গগৈ চেতীয়া আৰু বিশিষ্ট লিখক, ‘ছন্দগুচ্চ ‘বঁটা প্ৰাপক মধ্যমপুৰৰ মহেশ্বৰ বসুমতাৰীক সৰুপথাৰ শাখা সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। একেটা অনুষ্ঠানতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান ‘কুঁহি’ সৰুপথাৰত সফল ভাবে আয়োজন কৰাত সহযোগিতা আগবঢ়োৱা সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু সৰুপথাৰৰ চতিয়নী দশভূজ মহিলা সমিতিৰ সদস্যা সকলকো শাখা সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।ভালেসংখ্যক সাহিত্য প্ৰেমী ৰাইজ উপস্থিত থকা অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়াই সৰুপথাৰ শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদিকা জ্যোৎস্না ফুকনে।

Leave A Reply

Your email address will not be published.