Daily Time Axom

দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত মন্ত্ৰী পীযূষ হাজৰিকা

0 43

নিউজ ডেস্ক, ৪ মাৰ্চঃ দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত মন্ত্ৰী পীযূষ হাজৰিকা। গুৱাহাটীত অনুষ্ঠিত অসম টেবুল টেনিচ সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত ৰাজ্যিক সদস্যসকলৰ লগতে জিলা সন্থাৰ বিষয়ববীয়া তথা প্ৰতিনিধিবৰ্গৰ উপস্থিতিত দ্বিতীয়বাৰলৈ সন্থাৰ সভাপতি পদত নিৰ্বাচিত হয় মন্ত্ৰীগৰাকী।

ইয়াৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সন্থাৰ সকলো সদস্যৰ সহযোগিতাত ৰাজ্যখনৰ টেবুল টেনিচৰ ক্ষেত্ৰখনক শীৰ্ষ পৰ্যায়লৈ আগুৱাই নিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।

Leave A Reply

Your email address will not be published.