Daily Time Axom

বাংলাদেশৰ অক্সিজেন প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ, কমেও ৬ জন লোকৰ মৃত্যু

0 28

বাংলাদেশৰ অক্সিজেন প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ, কমেও ৬ জন লোকৰ মৃত্যু

অক্সিজেন প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ। কমেও ৬ জনৰ মৃত্যু। আন বহু লোক আহত হৈছে। তেওঁলোকৰ অৱস্থা অতি গুৰুতৰ। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বাংলাদেশৰ চিটাগঙৰ সীতাকুন্দৰ ঘটনাই শোকৰ ছাঁ পেলাইছে।

আন দিনৰ দৰে বাংলাদেশৰ চট্টগঙৰ সীতাকুণ্ডাত শনিবাৰে বিয়লি অক্সিজেন প্লাণ্টত কাম চলি আছিল। সেই সময়ত হঠাৎ বিস্ফোৰণ ঘটি অগ্নিকাণ্ড সংঘটিত হয়। চাৰিওফালৰ অঞ্চলটো ক’লা ধোঁৱাই আৱৰি ধৰে। তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে সেই স্থানত উপস্থিত হয়। জুই নিৰ্বাপনৰ কাম আৰম্ভ কৰে । বহু চেষ্টা কৰাৰ অন্তত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

এই ঘটনাত এতিয়ালৈকে ৬ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে ৫ জন অক্সিজেন প্লাণ্টৰ শ্ৰমিক। এজন স্থানীয় বাসিন্দা। বিস্ফোৰণৰ তীব্ৰতাৰ বাবে তেওঁৰ মূৰত লোহাৰ টুকুৰা এটা পৰি মৃত্যুমুখত পৰে। বহু আহত হয়। আটাইকেইজন হস্পিতালত। সকলোৰে শাৰীৰিক অৱস্থা অতি সংকটজনক। শনিবাৰে নিশা উদ্ধাৰ কাম কৰিব পৰা নগ’ল। দেওবাৰে পুৱাৰে পৰা উদ্ধাৰৰ কাম আৰম্ভ হৈছে।

Leave A Reply

Your email address will not be published.