Daily Time Axom

ঢাকাৰ উচ্চ গৃহত ভয়ংকৰ বিস্ফোৰণ, কমেও ১৪ জন লোকৰ মৃত্যু, শ শ লোক আহত

0 35

ফাকুৱাৰ দিনা বাংলাদেশৰ ঢাকাত ৰক্তবান।

মঙলবাৰে বিয়লি ভয়ংকৰ বিস্ফোৰণে কঁপাইছিল ৰাজধানীৰ গুলিস্তান। বাংলাদেশ পথ পৰিবহণ নিগমৰ বাছ কাউণ্টাৰৰ কাষত বহুমহলীয়া বিস্ফোৰণ। ইতিমধ্যে বাংলাদেশ অগ্নিনিৰ্বাপক বাহিনীৰ এক বৃহৎ বাহিনী সেই স্থানত উপস্থিত হৈছে। এই বিস্ফোৰণত এতিয়ালৈকে ১৪ জন লোকৰ মৃত্যু হৈছে। শ শ লোক আহত। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

বাংলাদেশ অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি বি আৰ টি চিৰ বাছ কাউণ্টাৰৰ কাষতে থকা ৭ মহলীয়া অট্টালিকাৰ তলৰ মহলাত এই বিস্ফোৰক সামগ্ৰীসমূহ মজুত কৰি ৰখা হৈছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে সেয়া সন্ত্ৰাসবাদী আক্ৰমণ। বিস্ফোৰণৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে।

ইতিমধ্যে আহতসকলক উদ্ধাৰ কৰি ঢাকা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হৈছে। এতিয়াও চলি আছে উদ্ধাৰৰ কাম।

Leave A Reply

Your email address will not be published.