Daily Time Axom

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস

0 39

নিউজ ডেস্ক, ৮ মাৰ্চঃ আজি ৮ মাৰ্চ‌। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। বিশ্বজুৰি আজিৰ দিনটোত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে ৷ ১৯০৮ চনত নিউয়ৰ্কত প্ৰথমবাৰৰ বাবে পালন হৈছিল এই দিৱস ৷ তেতিয়াৰ পৰা প্ৰত্যেক বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰি অহা হৈছে নাৰী দিৱস ৷ সমগ্ৰ বিশ্বতে নাৰী দিৱস উদযাপন কৰা হয় নাৰীৰ স্বাধীনতা, নাৰীৰ সুৰক্ষা, নাৰীৰ প্ৰাপ্য অধিকাৰক লৈ ৷ নাৰী দিৱসৰ মূল লক্ষ্য হৈছে লিংগ বৈষম্য দূৰ কৰি সম অধিকাৰ প্ৰদান কৰা, নাৰী সকলক শোষণ, বঞ্চনাৰ পৰা মুক্ত কৰা ৷

জাৰ্মানীৰ সমাজতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত ১৯১১ চনৰ প্ৰথমবাৰৰ এই দিৱস পালন কৰা হৈছিল । ১৯১৪ চনত প্ৰথমবাৰৰ বাবে আন ৰাষ্ট্ৰসমূহেও এই দিৱসৰ গুৰুত্ব অনুধাৱন কৰি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিছিল আৰু ১৯৭৫ চনত ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসক স্বীকৃতি প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.