নিউজ ডেস্ক, ৮ মাৰ্চঃ গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ভূমিকম্পৰ জোকাৰণি । পুৱতি নিশা প্ৰায় ৩.৫৯ বজাত অনুভূত হয় ভূঁইকঁপৰ জোকাৰণি। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.২। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কামৰূপ জিলা।
ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰত আছিল ভূমিকম্পৰ উৎস। অৱশ্যে এই ভূমিকম্পৰ ফলত কোনো ক্ষয়–ক্ষতি হোৱা নাই।