ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ে এসময়ত সমগ্ৰ উত্তৰ কামৰূপৰ শৈক্ষিক উত্তৰণৰ দায়িত্ব লৈছিল । বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা , প্ৰাক্তন মন্ত্ৰী অকন বড়া , সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীক এইখন মহাবিদ্যালয়ৰ কমাৰ শালতে গঢ়া হৈছিল । কিন্তু, মহাবিদ্যালয় খনত এতিয়া চলিছে অৰাজকতা । কিছুদিন পুৰ্বে উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিত হৈছিল উদ্যম ২০২৩ । সম্ভবনাময় ন ন উদ্যোগী আৰু ব্যবসায়ী সকলক উৎসাহিত কৰা এই মেলা ইতিমধ্যে শেষ হ’ল । কিন্তু, উদ্যমে আবৰ্জনাৰে কৰি গ’ল কদৰ্যময় পৰিবেশ । উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ খেলপথাৰত পৰিত্যক্ত আবৰ্জনা , গজালকে ধৰি বহু বিপদজ্জনক সামগ্ৰী খেলুৱৈ সকলক বিপাঙত পেলাইছে । খেলপথাৰ খনৰ দুৰৱস্থাৰ বাবে খেলুৱৈসকলে এপষেক ধৰি খেলিব পৰা নাই বহুতো খেল । উত্তৰ গুৱাহাটী মহাবিদ্যালয় অধ্যক্ষ ডঃ দিলিপ দাসে অনুমতি দিছিল ৰাজ্যৰ উদ্যোগ বাণিজ্য বিভাগক । পিছে এই কদৰ্য অৱস্থাৰ প্ৰতি লক্ষ্য কৰি চাফ চিকুণ কৰাৰ বাবে দায়িত্ব ল’বলৈ সম্ভৱ সময়ে হোৱা নাই অধ্যক্ষগৰাকীৰ ।