নিউজ ডেস্ক, ১১ মাৰ্চঃ শনিবাৰেথকৰিমগঞ্জৰ এজন যুৱকে চাইকেল চলাই গুৱাহাটীত উপস্থিত হৈছে। তেওঁ কৰিমগঞ্জৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিবলৈ চাইকেল চলাই গুৱাহাটীলৈ আহে। তেওঁ ৩৫ দিন চাইকেল চলাই প্ৰায় ৩৭০ কিল’মিটাৰ দূৰত্ব অতিক্ৰম কৰি আজি গুৱাহাটীত উপস্থিত হয়। যুৱকজন কৰিমগঞ্জ জিলাৰ কালীবাৰী নবীন গাঁৱৰ নিবাসী টিংকু ওৰফে পুলক নমশুদ্ৰ।
উল্লেখ্য যে, বিগত ১ মাহৰ পৰা মুখ্যমন্ত্ৰীক লগ পাবলৈ মহানগৰীত ঘূৰি আছিল যুৱকজনে। পুলকে দেহত মুখ্যমন্ত্ৰীৰ টেটুও অংকন কৰি লৈছিল। শনিবাৰে পুৱাই মুখ্যমন্ত্ৰীৰে সাক্ষাৎ লাভ কৰি পুলকে গামোচা আৰু ফুলৰ মালা আগবঢ়ায়। মুখ্যমন্ত্ৰীয়েও পুলকক ধন্যবাদ জ্ঞাপন কৰে।
আনহাতে, মুখ্যমন্ত্ৰীৰ সাক্ষাৎ পাই ভগৱানক লগ পোৱা বুলি পুলকে মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ গ’লে পুনৰ পুলকক সাক্ষাৎ কৰাৰ প্ৰতিশ্ৰুতি দিলে বুলি তেওঁ জনায়।