Daily Time Axom

বিয়াৰ বাবে পাগল এদল যুৱকে বিবাহৰ দাবীত উলিয়ালে সমদল

0 35

অভিনব পদযাত্রা।।

এদল যুৱকক লাগে বিয়া পাতিবলৈ । কৰ্ণাটকৰ মাণ্ডিয়া জিলাৰ এদল অবিবাহিত যুৱকে প্ৰায় এশ কিলোমিটাৰ খোজ কাঢ়ি এটা মন্দিৰত প্ৰাৰ্থনা কৰি বিবাহৰ দাবী জনায়। যাতে তেওঁলোকৰ ভাগ্যলৈ পত্নী আহে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিষয়টো। জানিব পৰা মতে, ত্ৰিশজনীয়া এটা দলে এই পদযাত্ৰা আৰম্ভ কৰি শেষত ষাঠিজনীয়া হয়গৈ। পদযাত্ৰাত অংশগ্ৰহণ কৰা আটাইকেইজন মাণ্ডিয়া জিলাৰ কৃষক।
জনা যায় যে ইয়াত পুৰুষ আৰু মহিলাৰ অনুপাতৰ পাৰ্থক্য কেইবা দশক ধৰি বাঢ়ি আহিছে। ফলত বহু পুৰুষে বিবাহৰ বাবে উপযুক্ত কইনা বিচাৰি নাপায়। তদুপৰি বহু যুৱক-যুৱতীৰ আয় কম হোৱাটোও বিয়া নোহোৱাৰ আন এক কাৰণ। বহু যুৱতীয়ে বেলেগ জনগোষ্ঠীৰ স’তে বিবাহপাশত আবদ্ধ হয়। অবিবাহিত যুৱক-যুৱতীসকলে মন্দিৰলৈ যাত্ৰা কৰি বিয়াৰ বাবে কইনা বিচাৰি নাপায় বুলি দাবীৰে প্ৰাৰ্থনা কৰে। জানিব পৰা মতে, যুৱকৰ তলটোৱে মহাদেশ্বৰ মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰে।

Leave A Reply

Your email address will not be published.