নিউজ ডেস্ক, ১১ মাৰ্চঃ ভুল প্ৰমানিত হ’ল আৰক্ষীৰ এনকাউন্টাৰ। কেনাৰাম বুলি আৰক্ষীয়ে গুলীয়ালে ডিম্বেশ্বৰক। DNA পৰীক্ষাৰ অন্তত ওদালগুৰিত এনকাউণ্টাৰত নিহতৰ মৃতদেহ চিনাক্ত। নিহত লোকজন ডিম্বেশ্বৰ মুছাহাৰী। নিহতজন কেনাৰাম বসুমতাৰী বুলি দাবী কৰিছিল আৰক্ষীয়ে।
তাৰপাছতে শনিবাৰে পৰিয়ালৰ হাতত গতাই দিলে ডিম্বেশ্বৰৰ মৃতদেহ। GMCHৰ মৰ্গৰ পৰা মৃতদেহ চমজি লয় ডিম্বেশ্বৰৰ পৰিয়ালে।
উল্লেখ্য যে, ২৪ ফেব্রুৱাৰীত ৰৌতাত সংঘটিত হৈছিল এনকাউণ্টাৰৰ ঘটনা। তাৰ পাছতেই সৃষ্টি হৈছিল বিতৰ্কৰ। আৰক্ষীয়ে ডকাইত কেনাৰাম বসুমতাৰী বুলি এনকাউন্টাৰ কৰিছিল যদিও পৰৱৰ্তী সময়ত সেয়া ডিম্বেশ্বৰ মুছাহাৰী বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছিল।
বহু বিতৰ্কৰ পাছত খান্দি উলিয়াইছিল নিহত জনৰ মৃতদেহ আৰু চিআইডিয়ে প্ৰেৰণ কৰিছিল ডিএনএ টেষ্টৰ বাবে। তাৰ পাছতেই ফাদিল হ’ল ৰহস্য। এনকাউন্টাৰত মৃত্যু হোৱা লোকজন দুৰ্ধৰ্ষ ডকাইত কেনাৰাম নহয়, ডিম্বেশ্বৰ মুছাহাৰীহে।