Daily Time Axom

ছিৰিয়াৰ অস্ত্ৰ গুদামত ইজৰাইলৰ বিমান আক্ৰমণ, ২ জন নিহত

0 36


ছিৰিয়াৰ অস্ত্ৰ-শস্ত্ৰৰ গুদামত ইজৰাইলে বিমান আক্ৰমণ চলায়।

ইৰাণৰ সমৰ্থক দুজন জোৱান নিহত হোৱাৰ লগতে আন তিনিজন আহত হয়।

ব্ৰিটেইনৰ মানৱ অধিকাৰ সংস্থা ছিৰিয়ান মানৱ নিৰীক্ষণ কেন্দ্ৰৰ মুৰব্বী ৰামি আব্দেল ৰহমানে কয় যে ইজৰাইলে টাৰ্টাছ আৰু হামা প্ৰদেশৰ মাজৰ অঞ্চলত ইৰাণৰ সামৰিক ঘাটিত অৱস্থিত অস্ত্ৰ গুদামটোক লক্ষ্য কৰি লৈছে।

ইৰাণৰ দুজন জোৱান নিহত হোৱাৰ লগতে ছিৰিয়াৰ তিনিজন জোৱান আহত হৈছে।

ছিৰিয়াৰ চৰকাৰী সংবাদ সংস্থা SANA য়ে প্ৰকাশ কৰা অনুসৰি দেওবাৰে স্থানীয় সময় অনুসৰি সন্ধ্যা প্ৰায় ৭:৩০ বজাত ইজৰাইলৰ বিমানখনে লেবাননৰ সীমান্তৰে ছিৰিয়াত প্ৰৱেশ কৰে।

সেই সময়ত কেইবাটাও ক্ষেপণাস্ত্ৰ আক্ৰমণে ছিৰিয়াৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল যদিও ইয়াৰে এটা ক্ষেপণাস্ত্ৰই অস্ত্ৰ গুদামত খুন্দা মৰাৰ ফলত ক্ষতিগ্ৰস্ত হয়। ইজৰাইলে এই সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য কৰা নাই।

Leave A Reply

Your email address will not be published.