নিউজ ডেস্ক, ১৪ মাৰ্চঃ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত নাম সাঙোৰ খোৱা জ্যোতিৰেখা বৰগোহাঁইক চেণ্টাৰ ইনচাৰ্জৰ পৰা অব্যাহতি । লগতে সহকাৰী ইনচাৰ্জ হেৰম্ব তালুকদাৰকো অব্যাহতি দিয়ে। চেণ্টাৰ ইনচাৰ্জ জ্যোতিৰেখা বৰগোঁহাইৰ ঠাইত মামণি বৰাক দায়িত্ব প্ৰদান কৰা হৈছে। বি ডি এছ চৰকাৰী এইচ এছৰ নতুন চেণ্টাৰ ইনচাৰ্জ হ’ব মামণি বৰা। মামণি বৰা হৈছে নৰকাসুৰ এইচ এছ স্কুলৰ অধ্যক্ষা। সহ চেণ্টাৰ ইনচাৰ্জ হ’ব নৰহৰি বৰ্মন। নৰহৰি বৰ্মন হৈছে সাবিত্ৰী ভড়ালী হাইস্কুলৰ প্ৰধান শিক্ষক। পূৰ্বে হেৰম্ব তালুকদাৰ আছিল সহকাৰী চেণ্টাৰ ইনচাৰ্জ। এই কথা জনালে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে।
উল্লেখ্য যে, মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ পাছতে গ্ৰেপ্তাৰ হৈছিল জ্যোতিৰেখা, হেৰম্ব তালুকদাৰক।