Daily Time Axom

ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অসম জাতীয় পৰিষদ দলৰ সৰুপথাৰ সমষ্টিৰ আহবায়ক সমিতিৰ বিক্ষোভ কাৰ্যসূচী

0 7

ডিজিটেল ডেস্ক: ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে অসম জাতীয় পৰিষদ দলৰ সৰুপথাৰ সমষ্টিৰ আহবায়ক সমিতিয়ে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।যোৱা ২৮ ফেব্ৰুৱাৰীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈসহ কেইবাজনো নেতাৰ ওপৰত বিজেপি কৰ্মীয়ে আক্ৰমণ চলোৱা ঘটনাৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । উল্লেখ্য যে নলবাৰী জিলাৰ এখন দলীয় সভাত অংশগ্ৰহন কৰিবলৈ যাওতে অসম জাতীয় পৰিষদৰৰ নেতৃত্বক আক্ৰমণ কৰিছিল বিজেপি কৰ্মীয়ে । উক্ত ঘটনাক জড়িত লোকসকলক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিলে অসম জাতীয় পৰিষদৰ সৰুপথাৰ সমষ্টিৰ আহ্বায়ক সমিতিয়ে ।ইয়াৰ লগতে নিৰ্বাচন পক্ৰিয়াত উপযুক্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ বাবে অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ জড়িয়তে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.