Daily Time Axom

এক অবিশ্বাস্য ঘটনা ! এজন বৃদ্ধৰ মূৰৰ দুয়োফালৰ পৰা ওলাই আহিল দুটা শিং

0 27

নিউজ ডেস্ক, ১৮ মাৰ্চঃ এক অবিশ্বাস্য যেন ঘটনা! য়েমেনৰ এজন বৃদ্ধৰ মূৰত ছাগলীৰ দৰে শিং গজা ঘটনাই এক আলোড়নৰ সৃষ্টি কৰিছে।

মূৰৰ দুয়োফালে গজি উঠা দুটা শিঙৰ বাবেই আলী অন্তৰ নামৰ লোকজন সমগ্ৰ বিশ্বতে পৰিচিত ।১৪০ বছৰীয়া আলীৰ এই শিং দুটা কাটি পেলোৱা হয় আৰু তাৰপাছতেই আলীৰ মৃত্যু‌ হয়। আলীৰ মূৰৰ বাওঁফালৰ ‘শিং’টো ডাঙৰ আৰু সোঁফালটো চুটি আছিল।

কেইবাটাও সংবাদ মাধ্যমে ‘শিং’ কাটি থকাৰ সময়তে আলীৰ মৃত্যু হোৱা বুলি দাবী কৰিছে। সমগ্ৰ বিশ্বতে তেওঁ ‘য়েমেন ছাগলী মানুহ’ নামেৰে পৰিচিত আছিল। প্ৰকাশিত তথ্য অনুসৰি আলীৰ বয়স ১০০ বছৰ হোৱাত তেওঁৰ মূৰৰ দুয়োফালে ‘শিং’ গজিবলৈ ধৰিলে। ‘শিং’টো লাহে লাহে বাঢ়ি আহি তেঁওৰ গালত পৰিল। ‘শিং’টোৰ দুটা বক্ৰতা আছিল আৰু এই ‘শিং’ৰ বাবেই তেওঁ নানান শাৰীৰিক সমস্যাত ভুগিবলগীয়া হৈছিল।

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি আলীৰ সমস্যা অধিক ভয়াৱহ হৈ পৰাত আলীৰ পৰিয়ালে ‘শিং’ কাটি পেলোৱাৰ সিদ্ধান্ত লয়। সেই অস্ত্ৰোপচাৰৰ পিছতেই তেওঁৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে। অৱশ্যে আলীৰ পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰই দাবী কৰিছে যে আলীৰ বয়সৰ বাবে বিভিন্ন শাৰীৰিক সমস্যাত ভুগিছিল। অস্ত্ৰোপচাৰৰ পিছত হেঁচা সহ্য কৰিব নোৱাৰাৰ ফলতেই আলীৰ মৃত্যু হয়।

Leave A Reply

Your email address will not be published.