নিউজ ডেস্ক, ২১ মাৰ্চঃ BJPৰ কেইবাগৰাকীও বিধায়কক আলফা(স্বাধীন)ৰ তৰফৰ পৰা ধন দাবী কৰা অভিযোগ উত্থাপিত হৈছে।কেইবাগৰাকী বিধায়কলৈ ধনদাবী পত্ৰ প্ৰেৰণ কৰাৰ লগতে ফোনযোগে দাবী কৰা ধনৰ পৰিমাণ সোনকালে আদায় দিয়াৰ সকীয়নি আলফা(স্বা)ৰ পৰা প্ৰদান কৰা হৈছে বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে ৷ ধন দাবী পত্ৰ লাভ কৰাৰ পিছতে একাংশ বিধায়কে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আলফা (স্বা)ক দাবী কৰা ধন নিদিবলৈ বিধায়কসকলক কয়।
উল্লেখযোগ্য যে বিধায়কসকলৰ পৰা ৪০ লাখ টকাৰ পৰা ৫ কোটি টকা পৰ্যন্ত দাবী কৰাৰ কথা চৰ্চিত হৈছে ৷ ইয়াৰপাছতেই আজি সংগঠনটোৰ তৰফৰ পৰা সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃত্তি প্ৰেৰণ কৰি বিধায়কক ধন দাবী কৰাৰ বিষয়টো অস্বীকাৰ কৰে৷
সংযুক্ত মুক্তি বাহিনী, অসমে জনপ্ৰতিনিধিৰ পৰা আৰ্থিক অনুদান বিচাৰিব লগা হ’লে উজনি-নামনি ভাগ নকৰি সমগ্ৰ অসমৰ বিধায়কলৈ পত্ৰ প্ৰেৰণ কৰিলেহেঁতেন বুলি বিবৃত্তিযোগে স্পষ্ট কৰি দিয়ে।
ইয়াৰোপৰিও ম্যানমাৰৰ ৰোহিঙ্গীয়া সংগঠনক আলফা (স্বা) আৰু এন এচ চি এন য়ে যৌথভাৱে সামৰিক প্ৰশিক্ষণ প্ৰদান কৰা সন্দৰ্ভত প্ৰচাৰ হোৱা এক বাতৰি সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে আলফা (স্বা) য়ে ।