Daily Time Axom

গুৱাহাটীত উপস্থিত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জী

0 21

নিউজ ডেস্ক, ২১ মাৰ্চঃ গুৱাহাটীত উপস্থিত বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জী। মুম্বাইৰ পৰা বিশেষ বিমানযোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত অভিনেত্ৰীগৰাকী।আজি জন্মদিনৰ দিনটোতে গুৱাহাটী উপস্থিত হোৱাৰ লগে লগে অনুৰাগীয়ে আদৰণি জনায় তেওঁক।

আজি অভিনেত্ৰীগৰাকীয়ে নীলাচল পাহাৰলৈ গমন কৰিব আৰু মা কাম্যাখ্যাৰ সেৱা ল’ব। এই ভ্ৰমণত ৰাণী মুখাৰ্জীসহ ১৩গৰাকীকৈ লোক উপস্থিত হয়। বিমানবন্দৰৰ পৰা নিৰাপত্তাৰ মাজেৰে কাম্যাখ্যালৈ ৰাওনা হয় অভিনেত্ৰীগৰাকী।

আজিয়েই কাম্যাখ্যা মন্দিৰত সেৱা জনাই ৰেডিচন ব্লু হোটেলত কিছু জিৰণি লৈ পুনৰ আবেলি ৫:৩০ বজাত মুম্বাইলৈ ৰাওনা হ’ব অভিনেত্ৰীগৰাকী।

Leave A Reply

Your email address will not be published.