Daily Time Axom

ইউক্ৰেইনত জাপানৰ প্ৰধানমন্ত্ৰী

0 30

জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিডাৰ আকস্মিক ভ্ৰমণ। এইবাৰৰ জি-৭ সন্মিলন আয়োজন কৰিবলৈ ভাৰত ভ্ৰমণ কৰাৰ পিছত এতিয়া তেওঁ ইউক্ৰেইনত।

এন এইচ কেয়ে জনোৱা মতে, পোলেণ্ডত থকা তেওঁলোকৰ সাংবাদিকসকলে জাপানৰ প্ৰধানমন্ত্ৰীক প্ৰজেমিছল চহৰত ৰে’লত উঠা দেখা গৈছে। প্ৰজেমিছল ষ্টেচনত প্ৰৱেশ কৰি ইউক্ৰেইন অভিমুখী আন্তঃৰাষ্ট্ৰীয় ৰে’লৰ প্লেটফৰ্মৰ সন্মুখত ৰখাই থোৱা হয় তেওঁৰ গাড়ী।
প্ৰধানমন্ত্ৰী কিছিডা প্ৰথমখন গাড়ীৰ পৰা নামি ৰেলখনৰ শেষৰ দবাত উঠে।সম্প্রচাৰকজনে জনোৱা মতে, ৰে’লখন পুৱা ১:৩০ বজাত পলমকৈ ৰাওনা হয়।

ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে সাক্ষাৎ কৰাৰ পিছত কিয়েভ ভ্ৰমণ নকৰা একমাত্ৰ জি-৭ নেতা কিছিদাই বাৰে বাৰে এই ভ্ৰমণৰ কথা বিবেচনাধীন বুলি কৈছে।

কিছিদাই দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সক্ৰিয়ভাৱে যুদ্ধক্ষেত্ৰ ভ্ৰমণ কৰা প্ৰথমজন জাপানৰ প্ৰধানমন্ত্ৰী।

তেওঁৰ কিয়েভ ভ্ৰমণৰ লগে লগে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ৰাছিয়াৰ নেতা ভ্লাদিমিৰ পুটিনৰ সৈতে আলোচনাৰ বাবে মস্কো ভ্ৰমণৰ সৈতে সংগতি ৰাখিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা আলোচনাৰ শীৰ্ষত থাকিব সংঘাতৰ বিষয়টো।

Leave A Reply

Your email address will not be published.