নিউজ ডেস্ক, ২৪ মাৰ্চঃ APSCৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ জামিন মঞ্জুৰ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন৷ APSC কেলেংকাৰীৰ অভিযোগত ২০১৭ত গ্ৰেপ্তাৰ হৈছিল ৰাকেশ পাল৷ ভঙাগড় থানাৰ গোচৰত লাভ কৰে জামিন ৷
৬ বছৰ ৪ মাহৰ পিছত আহিব মুকলি আকাশৰ তললৈ।পূৰ্বতে অন্য চাৰিটা গোচৰত জামিন পাইছিল ৰাকেশ পালে৷ অচিৰেই কাৰামুক্ত হ’ব ৰাকেশ পাল৷