Daily Time Axom

শিৱৰাত্ৰি উপলক্ষে টুইটযোগে কি লিখিলে জনপ্ৰিয় অভিনেতা চনু চুদে

0 9

ডিজিটেল ডেস্কঃ আজি মহাশিৱৰাত্ৰি।ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশী দিনা হোৱা শিৱৰাত্ৰিক মহাশিৱৰাত্ৰি আখ্যা দিয়া হয়।লোক বিশ্বাস অনুসৰি উক্ত দিনটোত শিৱক আৰাধনা কৰিলে ভক্তৰ মনোবাঞ্চা পূৰণ হয়। সেয়ে মহাশিৱৰাত্ৰিৰ দিনা শিৱ মন্দিৰ সমুহত ভক্তৰ ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হয়। দেশৰ বিভিন্ন প্ৰান্তত উলহ মালহৰ মাজেৰে উদযাপন কৰা হৈছে মহাশিৱৰাত্ৰি। শিৱৰাত্ৰি উপলক্ষে বলিউডৰ তাৰকা অমিতাভ বচ্চনকে ধৰি বহু কেইগৰাকী অভিনেতাই দেশবাসীক টুইটযোগে শুভেচ্ছা জনোৱা দেখা গৈছে।এই শুভেচ্ছা সমুহৰ মাজত চনু চুদৰ শুভেচ্ছাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জনপ্ৰিয় অভিনেতা গৰাকীয়ে টুইটযোগে শুভেচ্ছাৰ লগতে এক বিশেষ বাৰ্তা আগবঢ়াইছে। তেওঁ লিখিছে যে ,’ভগবান শিৱৰ ফটো বিলাই শিৱৰাত্ৰি উদযাপন কৰাতকৈ কাৰোবাক সহায় কৰি শিৱৰাত্ৰি উদযাপন কৰক,ঔম নম:শিৱায়ে’।সদায় সকলোকে সহায়কৰি ভালপোৱা উদাৰ মনৰ অভিনেতা জনৰ এই বাৰ্তাই এতিয়া তেওঁৰ অনুৰাগী সকলৰ লগতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

Leave A Reply

Your email address will not be published.