Daily Time Axom

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত আজি স্বৰ্ণ জয়ৰ লক্ষ্যৰে নামিব অসম কন্যা লাভলীনা বৰগোহাঁই

0 26

নিউজ ডেস্ক, ২৬ মাৰ্চঃ বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ জয়ৰ লক্ষ্যৰে আজি ৰিঙত নামিব লাভলীনা বৰগোঁহাই।বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ আজি সন্ধিয়া অনুষ্ঠিত হ’ব লাভলীনাৰ ফাইনেল মেচ । প্ৰতিদ্বন্দীৰূপে লাভলীনাৰ বিপৰীতে থাকিব অষ্ট্ৰেলিয়াৰ পাৰ্কাৰ কাইটলিন এনী। ৭৫ কেজি ওজনৰ ফাইনেলত প্ৰতিদ্বন্দীতা আগবঢ়াব লাভলীনা বৰগোঁহায়ে।

আজিৰ দিনটোতে ভাৰতে আন এটা স্বৰ্ণ পদক জয়ৰ সম্ভাৱনা আছে। ৫০ কেজি ওজন শাখাৰ ফাইনেলত নিখাত জাৰিনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। নিখাত জাৰিনে দুবাৰৰ এছিয়ান চেম্পিয়ন ভিয়েটনামৰ নুয়েন থি টামৰ বিৰুদ্ধে খেলিব।

Leave A Reply

Your email address will not be published.