মাৰ্ঘেৰিটাত আজি ৬৮ নং বি এন, চিআৰপিএফে মাৰ্ঘেৰিটা বালুখাদ স্থিত হিন্দী হাইস্কুললৈ পানী টেংকী সু-ব্যৱস্থা থকা এটি শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ প্ৰদান।
৬৮ নং বিএন, চিআৰপিএফৰ চিভিক একচন কাৰ্যক্ৰমৰ ২০২২-২৩ ৰ বৰ্ষৰ পুঁজিৰে সুন্দৰকৈ নিৰ্মাণ কৰা হৈছিল।
আজি শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰটো প্ৰদান কৰা উদ্দেশ্যে বিদ্যালয়খনত এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ সহকাৰী প্ৰধান শিক্ষক জয় প্ৰকাশ শৰ্মা হাতত ৬৮ নং বিএন, চিআৰপিএফৰ কামাণ্ডৰ কে.এ.নিঙ্গমে নৱ নিৰ্মিত শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰটো আনুষ্ঠানিক ভাৱে প্ৰদান কৰে।
উক্ত শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৰবীন্দ্ৰ সিং,সঞ্জয় কুমাৰ, দিনেশ কুমাৰ, মায়া ৰাণী, দানিশ ৰাজা খানসহ ৬৮ নং বিএন, চিআৰপিএফৰ বহু কেইজন বিষয়া জোৱানৰ লগতে বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী, পৰিচালনা সমিতি বিষয়-ববীয়া ও বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল।