সাংসদ পদৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত চৰকাৰী বাংলো খালী কৰাৰ জাননী দিয়া হৈছে ৰাহুল গান্ধীক।
সোমবাৰে লোকসভা হাউছিং কমিটীয়ে কংগ্ৰেছ নেতাগৰাকীলৈ জাননী জাৰি কৰে। ২০০৪ চনৰ পৰা ৰাহুল লোকসভাৰ সদস্য আছিল। সেই আধাৰত দিল্লীৰ ১২ নং টোঘলক ৰোডত ৰাহুলক এটা চৰকাৰী বাংলো আবণ্টন দিয়া হৈছিল। ২৩ মাৰ্চত ৰাহুলৰ সাংসদ পদ নাকচ কৰিছিল লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। তাৰ পিছত ছোনিয়া-পুত্ৰক বাংলো খালী কৰিবলৈ জাননী দিয়া হৈছে।
অহা ১ মাহৰ ভিতৰত চৰকাৰী বাংলো খালী কৰিবলৈ ৰাহুলক জাননী দিয়া হৈছে। অৱশ্যে এনে কোনো জাননী পোৱা নাই বুলি দাবী কৰিছে ৰাহুলে।
গুজৰাটৰ চুৰাট জিলা আদালতে মোডীৰ উপাধিৰ ওপৰত আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত যোৱা বৃহস্পতিবাৰে ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ড বিহে। তাৰ আধাৰত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ৮ নং অনুচ্ছেদ অনুসৰি শুকুৰবাৰে ৰাহুলৰ সাংসদ পদৰ পৰা বৰ্খাস্ত কৰে।
সাংসদ পদৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫:২৭ বজাত টুইট কৰে ছোনিয়া-পুত্ৰই। তেওঁ লিখিছে, “দেশৰ কণ্ঠৰ বাবে যুঁজি আছো।প্ৰতিটো মূল্য দিবলৈ সাজু আছো।” পিছত শনিবাৰে সংবাদমেলত ৰাহুলে কয় যে মোডী-আদানী সম্পৰ্কক লৈ সংসদত প্ৰশ্ন উত্থাপন কৰাৰ বাবে তেওঁক লক্ষ্য কৰি লোৱা হৈছে। লগতে তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে সংসদত তেওঁৰ পৰৱৰ্তী ভাষণক লৈ ভয় খাইছিল, সেয়েহে তেওঁৰ সাংসদ পদ নাকচ কৰা হৈছে।