Daily Time Axom

দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত থিতাতে নিহত দুজনকৈ লোক

26

নিউজ ডেস্ক, ২৮ মাৰ্চঃ দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজনকৈ লোক।তীব্র বেগী ট্রাকে মহটিয়াই নিলে এখন বেলেন’ বাহনখন। যাৰ ফলত বলেন’খনত থকা দুজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়।

দুৰ্ঘটনাগ্ৰস্ত বলেন’ বাহনখনৰ নম্বৰ AS01DY3700। আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ WB 35 1707। দুৰ্ঘটনাৰ পিছতে পলায়ন কৰে ট্ৰাকখনৰ চালকে।

দুৰ্ঘটনা সংঘটিত কৰা বাহনখন তেজপুৰ অভিমুখী আৰু বলেন’ বাহনখন গুৱাহাটী অভিমুখী আছিল।দুৰ্ঘটনাত মৃত্যু হোৱা লোক দুজন দৰঙৰ খাৰুপেটীয়াৰ বুলি জানিব পৰা গৈছে।

Comments are closed, but trackbacks and pingbacks are open.