Daily Time Axom

মূৰৰ বিষ হ’লে আপুনি কি কৰিব?

0 12

ডিজিটেল ডেস্কঃ সকলো মানুহৰে মূৰ বিষ হোৱা দেখা যায়। বহুত বেছি কাম, বেছি হুলস্থুল,বহুত বেছি চিন্তা,ভাগৰ ,ধূমপান আৰু সুৰাপান আদিৰ বাবে মূৰৰ বিষৰ প্ৰভাৱ পৰা দেখা যায়। তাৰোপৰি ভোজনত ভিটামিন আৰু মিনাৰেলচ কম হোৱাৰ ফলতো মূৰ বিষ হয়।বহুতে মূৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ টেবলেট ব্যৱহাৰ কৰে কিন্তু টেবলেট বেছিকৈ লোৱাৰ ফলত স্বাস্থ্যত কু-প্ৰভাৱ পৰে।সেইবাবে আজি আপোনালোকৰ বাবে লৈ আহিছো মূৰ বিষৰ ঘৰুৱা আৰু সাধাৰণ কেইটামান টিপস্:
১) তেতলী টেঙা আৰু ১গিলাচ পানীত তিয়াই থৈ পিছদিনা পুৱা খালি পেটত আৰু ৰাতি এগিলাচ খাবা লাগে।
২) ২চামুচ নেমুৰস ,১গিলাচ কুহুমিয়া গৰম পানী গধূলি আৰু ৰাতিপুৱা খাব লাগে।
৩) আদাৰ গুড়ি বা আদাৰ ৰস ১গিলাচ কুহুমিয়া পানীৰ লগত দি ৰাতিপুৱা খাব লাগে তেনে কৰিলে মূৰ বিষৰ বাবে যথেষ্ট উপকাৰী হয়।
৪) লঙৰ পাউদাৰ আৰু নিমখ ১গিলাচ গাখীৰত মিহলাই খাব লাগে।
৫) ৰাতিপুৱা নহৰু ২ফুটা খাব পাৰে বা পানীত মিহলাইও খাব পাৰে নহৰুৰ ৰস।
৬) মূৰবিষৰ বাবে আটাইতকৈ বেছি উপকাৰী একাপ আদা দিয়া চাহ। বহুতে এই চাহ ব্যৱহাৰ কৰে মূৰৰ বিষত।
৭) যিকোনো এবিধ ঠাণ্ডা তেলৰে চুলি মালিচ দিব পাৰে মূৰৰ বিষত।

Leave A Reply

Your email address will not be published.