Daily Time Axom

৪ বছৰ বয়সত এখন কিতাপ লিখি গিনিজ বুক অৱ ৰেকৰ্ডছত স্থান লাভ

0 22

৪ বছৰ বয়সত এখন কিতাপ লিখি গিনিজ বুক অৱ ৰেকৰ্ডছত স্থান লাভ

সংযুক্ত আৰব আমিৰশ্বাহীৰ চাৰি বছৰীয়া শিশু চৈয়দ ৰছিদ আল মেহাইৰীয়ে এক অনন্য নিদৰ্শন দাঙি ধৰিলে।

বয়স মাত্ৰ চাৰি বছৰ, কিন্তু ৰছিদে যদি ইতিমধ্যে কিতাপ এখন লিখিছে। প্ৰকাশৰ পিছৰে পৰা এই গ্ৰন্থখনৰ হাজাৰ হাজাৰ কপি বিক্ৰী হৈছে। ইয়াৰ বাবেই ৰছিদৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছে।

সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাজধানী আবুধাবিত ৰছিদৰ ঘৰ। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছে তেওঁক ৯ মাৰ্চত এখন কিতাপ প্ৰকাশ কৰা বিশ্বৰ আটাইতকৈ কম বয়সীয়া ব্যক্তি (পুৰুষ) হিচাপে স্বীকৃতি দিছিল। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে প্ৰদান কৰা তথ্য অনুসৰি চৈয়দ ৰছিদে ৪ বছৰ ২১৮ দিন বয়সত এখন গ্ৰন্থ প্ৰকাশ কৰি এই বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষই কয়, ‘দলিফেণ্ট চৈয়দ আৰু ভালুক নামৰ দুটা প্ৰাণীৰ বন্ধুত্বৰ কাহিনীক লৈ ৰছিদে লিখা এখন গ্ৰন্থ প্ৰকাশ পাইছে। কিতাপখনৰ হাজাৰ কপি বিক্ৰী হোৱাৰ পিছত আমি গম পালোঁ। যোৱা ৯ মাৰ্চত বিষয়টো পৰীক্ষা কৰা হৈছিল। ইয়াৰ পিছত ৰছিদক বিশ্ব অভিলেখৰ স্বীকৃতি দিয়া হয়।”

ৰছিদৰ মাতৃ মৌজা আল দাৰমাকিয়ে কয়, ‘যেতিয়া ৰছিদে প্ৰথমে আমাক কাহিনীটো কৈছিল, তেতিয়া আমি শুনি আচৰিত হৈছিলো। ইয়াৰ উপৰিও কিতাপখন কেনেকৈ লিখা হ’ব অৰ্থাৎ কাহিনীৰ গাঁথনি কেনেকুৱা হ’ব তাৰো স্পষ্ট বৰ্ণনা দিয়া হৈছে। একে সময়তে ই কি বাৰ্তা দিব বিচাৰে সেয়াও কয়। তাৰ পিছত আমি তেওঁক কিতাপখন লিখিবলৈ উৎসাহিত কৰোঁ।

অৱশ্যে ৰছিদৰ জ্যেষ্ঠ ভগ্নী আল ধাবিৰো নাম আছে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত। আল-ধাবীৰ বয়স আঠ বছৰ। এতিয়া তেওঁৰ হাতত আছে দুটা ভাষাত গ্ৰন্থ শৃংখলা প্ৰকাশ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি (মহিলা)ৰ অভিলেখ। ইয়াৰ পূৰ্বেও ধাভিয়ে দুটা ভাষাত এখন গ্ৰন্থ প্ৰকাশ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি (মহিলা) হিচাপে অভিলেখ গঢ়িছিল।

Leave A Reply

Your email address will not be published.