Daily Time Axom

পৰ্ণ তাৰকাৰে গোপনে ধনৰ লেনদেনৰ অভিযোগত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ

37

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ। এগৰাকী পৰ্ণ তাৰকাৰে গোপনে ধনৰ লেনদেনৰ অভিযোগত গ্ৰেপ্তাৰ ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ মেনহট্টন আদালতত উপস্থিতিৰ পাছতে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক।

ৰাষ্ট্ৰপতি গৰাকীৰ লগত অবৈধ সম্পৰ্ক আছিল ট্ৰাম্পে উৎকোচ দিয়া পৰ্ণ তাৰকা ষ্টৰ্মী ডেনিয়েলছৰ । ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে এই সম্পৰ্ক ৰাজহুৱা নকৰিবলৈ উৎকোচ দিছিল ট্ৰাম্পে । এই ঘটনাক লৈ মানহাটন আদালতত ৰুজু হৈছিল এক গোচৰ ।

উল্লেখ্য যে, এই গোচৰৰ বিচাৰৰ অগ্ৰগতিৰ লগে লগে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক গ্ৰেপ্তাৰ কৰাতো প্ৰায় নিশ্চিত হৈ পৰিছিল । এনে পৰিস্থিতিত ট্ৰাম্পে ন্যায়ালয়ত আত্মসমৰ্পনৰ সিদ্ধান্ত লয় আৰু মানহাটন আদালতত উপস্থিত হয়গৈ । ইয়াৰ লগে লগেই তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

Comments are closed, but trackbacks and pingbacks are open.