নিউজ ডেস্ক, ৮ এপ্ৰিলঃ আজি বৰ্ষাপাৰাত IPLৰ দ্বিতীয়খন মেচ। বৰ্ষাপাৰা ষ্টেডিয়ামত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছ। বিয়লি ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেল। দৰ্শকৰ বাবে ১ বজাত মুকলি কৰি দিয়া হ’ব ষ্টেডিয়ামৰ দ্বাৰ।
দিল্লী কেপিটেলছে ৬ এপ্ৰিলত গুৱাহাটীত আহি উপস্থিত হয়। আজি বৰ্ষাপৰা ক্ৰিকেট ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে IPLৰ ৰণত নামিব। IPL ২০২৩ ত দিল্লী কেপিটেলছৰ এইয়া তৃতীয়খন খেল আৰু ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন হ’ব। বৰ্তমানলৈকে দুয়োটা দলে এখন খেলতো জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই।
Comments are closed, but trackbacks and pingbacks are open.