Daily Time Axom

ৰক্তচাপ থকা লোকে নিশা পলমকৈ আহাৰ গ্রহণ কৰাৰ পৰা সাৱধান হওঁক!

0 11

ডিজিটেল ডেস্কঃ আপোনাৰ বাৰু ৰাতি পলমকৈ আহাৰ খোৱাৰ বদঅভ্যাস আছে নেকি?তেনেহ’লে আপোনাৰ স্বাস্থ্যৰ ক্ষতিসাধন হ’ব পাৰে। এই ক্ষেত্ৰত জানি থোৱা দৰকাৰ যে নিশাৰ আহাৰত পলম হ’লে স্বাস্থ্যৰ বিভিন্ন ক্ষতিসাধন হ’ব পাৰে। যেনে:-
১) ওজন বৃদ্ধি:ৰাতিৰ ভাগত হজম শক্তিত মন্থৰতা আহি পৰে। পলমকৈ আহাৰ গ্ৰহণ কৰিলে পলমকৈ য়ে হজম হয় আহাৰ। এনে ক্ষেত্রত ওজন বৃদ্ধি হোৱা দেখা যায়।
২) নিদ্রাত সমস্যা:নিশাত বহু দেৰিলৈকে উজাগৰে থাকিলে ভোক বৃদ্ধি পায়। কোনোৱে আকৌ সেই সময়ত ভোক আঁতৰাবলৈ যি পায় তাকে খাই। কিন্তু স্নেক্স জাতীয় খাদ্য ৰাতি গ্রহণ কৰিলে নিদ্ৰা শক্তি হ্ৰাস পায় লগতে গেছৰ সমস্যাইও দেখা দিয়ে।
৩) ৰক্তচাপ বৃদ্ধি : নিশা পলমকৈ খাদ্য গ্ৰহণ কৰাৰ ফলত ৰক্তচাপ বৃদ্ধি পায় লগতে তেজত শৰ্কৰাৰ মাত্রা বৃদ্ধি কৰে । সেইকাৰণে ৰক্তচাপৰ ৰোগীয়ে ৰক্তচাপ নিয়ন্ত্রণ কৰি ৰাখিবলৈ হ’লে সোনকালে আৰু সদায় একে সময়তে খাদ্য গ্ৰহণ কৰিব লাগে।
৪) বিৰক্তিভাৱ বাঢ়ে:নিশা পলমকৈ খোৱা -বোৱা কৰা মানে পলমকৈ শুৱা।ইয়াৰ ফলত পৰ্যাপ্ত পৰিমাণৰ টোপনি নহ’লে মানসিক স্বাস্থ্যত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে। ফলত মস্তিষ্কত ইয়াৰ প্ৰভাৱ পৰে আৰু বিৰক্তিভাৱ বাঢ়ে।

Leave A Reply

Your email address will not be published.