অসমৰ বিহু নাচক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান দিবলৈ অসম চৰকাৰৰ উদ্যোগত অহা ১৪ এপ্ৰিলত হ’বলগীয়া বিহু নাচৰ আখৰা এতিয়া পূৰ্ণগতিত।

মঙলবাৰে মহানগৰীৰ সৰু সজাই ষ্টেডিয়ামত অসমৰ বিভিন্ন জিলাৰ বিহুৱা-বিহুৱতী সকলে দুয়োবেলা নাচৰ আখৰা কৰা পৰিলক্ষিত হয় ৷ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত আখৰাৰ প্ৰথম দিনা প্ৰায় ১১ হাজাৰ বিহুৱা-বিহুৱতীয়ে বহু সময় ধৰি বিহু নাচত অংশগ্ৰহণ কৰে৷ কিন্তু তাৰ মাজতে বহু নাচনী মূৰ ঘূৰাই ঢলি পৰা দেখা গ’ল। বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে কৰা এই প্ৰচেষ্টা সফল কৰাৰ বাবে সকলোৱে কৰা কষ্টক শলাগ লৈছে। সৰু সজাইৰ বিহু নাচৰ প্ৰশিক্ষণ দি আছে বিশিষ্ট শিল্পী ৰঞ্জিত গগৈয়ে ৷ সৰু সজাইৰ বিশাল ষ্টেডিয়ামত ১৪ এপ্ৰিলত হ’ব লগা বিশেষ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপস্থিত থাকিব বুলি জানিব পাৰি উৎফুল্লিত হৈ আছে শিল্পীসকল।