Daily Time Axom

দিল্লীত এতিয়াৰে পৰা ২১ বছৰৰ পৰা সেৱন কৰিব পাৰিব সুৰা

0 8

ডিজিটেল ডেস্কঃসোমবাৰৰ পৰা দিল্লীত কাৰ্যকৰী হৈছে নতুন আবকাৰী নীতি ।দিল্লী চৰকাৰে সুৰা সেৱনৰ ক্ষেত্ৰত পুৰ্বতে নিৰ্ধাৰণ কৰি দিয়া বয়সৰ সীমা ২৫ বছৰ সলনি ২১ বছৰ কৰা পৰিলক্ষিত হ’ল। অৰ্থাৎ এতিয়াৰে পৰা দিল্লীত সুৰা সেৱনৰ নিৰ্ধাৰিত বয়সৰ সীমা হ’ব ২১ বছৰ। নতুন আবকাৰী নীতিৰ জৰিয়তে এই কথা সদৰি কৰে দিল্লীৰ উপ মুখ্য মন্ত্ৰী মনিষ ছিচ’দিয়াই।২১ বছৰৰ তলৰ কোনো ছাত্ৰ ছাত্ৰীয়েই সুৰা সেৱন কৰিব নোৱাৰাৰ লগতে সুৰা উপলব্ধ ঠাইলৈ যোৱাতো বাধা আৰোপ কৰিছে চৰকাৰে।ইয়াৰ লগতে দিল্লীত এতিয়াৰে পৰা কোনেও খুলিব নোৱাৰিব সুৰাৰ দোকান। উল্লেখযোগ্য যে ২০১৬ চনৰ পিছত দিল্লীত এখনো সুৰাৰ দোকান আৰম্ভ কৰা নাই আৰু আগলৈও কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে।দিল্লী চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে সাধাৰণ জনতাই চ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আদৰণি জনোৱা পৰিলক্ষিত হৈছে।

Leave A Reply

Your email address will not be published.