নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ আজি দেশজুৰি প্ৰধানমন্ত্ৰী ৰোজগাৰ মেলা অনুষ্ঠিত হৈছে। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩৮টা বিভাগত ৭১ হাজাৰ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰিব।
সেই অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ গুৱাহাটী, শিলিগুৰি আৰু ডিমাপুৰত অনুষ্ঠিত হ’ব এই ৰোজগাৰ মেলা।
গুৱাহাটীত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰ্চুৱেলী এই অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পাছত গুৱাহাটীত সৰ্বানন্দ সোণোৱালে বিতৰণ কৰিব নিযুক্তিপত্ৰ।
ডিমাপুৰত প্ৰদান কৰিব কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। শিলিগুৰিত নিযুক্তিপত্ৰ প্ৰদান কৰিব কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী নিশিথ প্ৰমাণিকে।
এই ৰোজগাৰ মেলাত গুৱাহাটীত মুঠ ২০৭ গৰাকী, ডিমাপুৰত ২১৭ গৰাকী আৰু শিলিগুৰিত ২২৫ গৰাকীক নিযুক্তি প্ৰদান কৰা হ’ব।