মৰঙীত ঠেঙাল কছাৰী সংগঠনৰ তৰাচিৰা বিহু উদযাপন
ডিজিটেল ডেস্ক: বিহু বুলিলেই অসমীয়াৰ মন সাতখন আঠখন হয়। অসমীয়াৰ চেনেহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন।চ’তৰ আৰম্ভণিতেই বসন্তৰ আগজাননী দিলেহি হেঁপাহৰ কুলী চৰাইজনীয়েও।পৰম্পৰা ৰক্ষা কৰি মৰঙীৰ পংকা গাৱঁত সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ সহযোগত চ’ত মাহৰ দ্বিতীয় বুধবাৰৰ দিনটোত তৰাচিৰা বিহু উদযাপন কৰা পৰিলক্ষিত হ’য়।বিভিন্ন কাৰ্যসুচীৰে তৰাচিৰা বিহু উদযাপন কৰে মৰঙিৰ পংকা গাৱঁৰ সপ্তশ্বহীদ সমন্বয় ক্ষেত্ৰত। বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালকৈ ঠেঙাল কছাৰী জনজাতিৰ পৰম্পৰাগত সাংস্কৃতিক কাৰ্যসুচীও অনুষ্ঠিত কৰা দেখা যায়।