নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ কাইলৈ ঘোষণা কৰা হ’ব চলিত বৰ্ষৰ গুণোৎসৱৰ ফলাফল৷ মুখ্যমন্ত্ৰীয়ে ১১ বজাত অনুষ্ঠানিকভাৱে ঘোষণা কৰিব এই ফলাফল। লগতে উপস্থিত থাকিব শিক্ষামন্ত্ৰী শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু৷ এই ফলাফলৰ জৰিয়তে ২০২২ ৰ তুলনাত ২০২৩ত শিক্ষা ব্যৱস্থাৰ গুণগত মানৰ বিষয়ে জানিব পৰা যাব।
উল্লেখ্য যে, ১৮ জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল গুণোৎসৱ৷ ৩১খন জিলাৰ ৪৪,৫২৫ খন বিদ্যালয়ত অনুষ্ঠিত হৈছিল গুণোৎসৱ৷ গুণোৎসৱে সামৰি লৈছিল ৪২,৭৬,৮৮১ গৰাকী শিক্ষাৰ্থী৷ ইয়াৰ বাবে নিয়োজিত হৈছিল ১৮,০৯৭ গৰাকী বহিঃনিৰীক্ষক৷
Comments are closed, but trackbacks and pingbacks are open.