Daily Time Axom

দিল্লী পাব্লিক স্কুলত বোমাতংক! মেইলযোগে ভাবুকি বিদ্যালয় কৰ্তৃপক্ষক

0 33

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ মথৰাপুৰ ৰোডৰ দিল্লী পাব্লিক স্কুলত বোমাতংক। মেইলযোগে বোমা বিষ্ফোৰণৰ ভাবুকি দিয়ে বিদ্যালয় কৰ্তৃপক্ষক। আজি পুৱা কোনো অচিনাক্ত ব্যক্তিৰ পৰা লাভ কৰে এই ভাবুকি। এই খবৰ পোৱাৰ পিছতেই সতৰ্কতামূলক ব্যৱস্থা হিচাপে গোটেই স্কুলখনকে খালী কৰা হৈছে।

দিল্লী আৰক্ষীৰ বোমা স্কোৱাডৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বোমাৰ সন্দান আৰম্ভ কৰিছে। অৱশ্যে বিদ্যালয়খনত কোনো ধৰণৰ বোমা উদ্ধাৰ নহ’ল। আৰক্ষীৰ মতে, কোনো দুষ্ট চক্ৰই আতংক বিয়পাবলৈ এই ভুৱা খবৰ দিছিল।

Leave A Reply

Your email address will not be published.